Air Pollution(Indoor)


       বায়ু প্ৰদূষণ আৰু তথ্য ভিত্তিক নিয়ন্ত্ৰণ

    
                                                                                            কাশ্যপ বৰতামুলী
                                            ৮৩৯৯৮১৬৮১০
    
      বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ সমস্যালৈ পৰিগণিত হৈছে বায়ু প্ৰদূষণ। সমগ্ৰ বিশ্বতেই বায়ু প্ৰদূষণে এক ভয়ানক ৰূপ ধাৰণ কৰিছে। সাম্প্ৰতিক কালত ভাৰত তথা অসমতো বায়ু প্ৰদূষণ এক আলোচ্য বিষয় হৈ পৰিছে। ভাৰতত অপ্ৰাকৃতিক ভাৱে মৃত্যু হোৱা লোকৰ শতকৰা ১২. জন লোক বায়ু প্ৰদূষণৰ কাৰণতেই মৃত্যু হয়। Global Burden of Disease Project আৰু World Bank তথ্য অনুসৰি ভাৰতত বছৰি . নিযুত লোকৰ মৃত্যুৰ কাৰণ কেৱল প্ৰদূষিত বায়ু
     প্ৰকৃতিক সৌন্দৰ্য্যৰ ফালৰ পৰা মনোমোহা অসমো বৰ্তমান বায়ু প্ৰদূষণৰ গ্ৰাসত। অসমৰ প্ৰধান চহৰবোৰত বায়ু প্ৰদূষণ সাংঘাটিক ভাৱে বৃদ্ধি হবলৈ ধৰিছে। এই প্ৰদূষণে প্ৰকৃতিৰ লগতে মানুহৰ দৈনন্দিন জীৱনও প্ৰভাৱিত কৰিছে। Pollution Control Board of Assam তথ্য অনুসৰি গুৱাহাটীৰ বায়ুত Black-Carbon পৰিমাণ সৰ্বাধিক। অত্যাধিক যান-বাহন বিশেষকৈ diesel বাহনৰ পৰা নিৰ্গমণ হোৱা ধোঁৱাই বায়ু মণ্ডলত Black-Carbon মাত্ৰা অধিক বৃদ্ধি কৰে। তথ্য অনুসৰি গুৱাহাটীত প্ৰতিমাহে ৫০০০ নতুন যান-বাহনৰ পঞ্জীয়ন হয়। এই প্ৰক্ৰিয়া এনে ভাবেই চলি থাকিলে, অনাগত দিনত বায়ু প্ৰদূষণ গুৱাহাটীৰ লগেতে সমগ্ৰ অসমৰ জনসাধাৰণৰ স্বাস্থ্যৰ পক্ষে এক মাৰাত্মক ভীতি যে হৈ পৰিব, সেইটো ধুৰুপ। যান-বাহনৰ পৰা নিগৰিত ধোঁৱা ধুলি-মাকতিৰ লগত মিহলি হৈ এক বিষাক্ত কুঁৱলীলৈ ৰূপান্তৰ হয় আৰু বায়ু মণ্ডলত বহু সময়লৈকে থাকি যায়। গুৱাহাটী চহৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এনে কুঁৱলী সহজ ভাৱে প্ৰত্যক্ষ কৰিব পাৰি। যান-বাহনৰ লগে লগে ভূমি খননকাৰ্য, বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য্য, নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ হোৱা মাটি-বালি যধেমধে যতে-ততে পেলাই থোৱা, পাহাৰৰ পৰা বৰষুণৰ লগত ভৈয়ামলৈ খহি অহা বোকা ইত্যাদি বোৰে বায়ুৰ গুণগত মান নিম্নগামী হোৱাত ইন্ধন যোগাইছে
     বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে যদিও বাস্তৱ ক্ষেত্ৰত এইবোৰৰ বিশেষ কাৰ্য্যকৰী হোৱা যেন দেখা নাযায়। কিন্তু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেৱল চৰকাৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি, আমি জনসাধাৰণে নিজৰ কোনো দায়িত্ব নাই বুলি ভাবি থাকিলে নহব। কাৰণ বায়ু এনে এক সম্পদ যাৰ আবিহনে ১০ মিনিট সময় জীয়াই থকাও অসম্ভৱ। সেয়েহে বায়ুৰ গুণগত মান শিথিল কৰি ৰখাটো চৰকাৰৰ সমানেই আমাৰও দায়িত্ব
    দ্বিতীয়তে বায়ু প্ৰদূষণ যে কেৱল বাহিৰৰ বায়ুমণ্ডলতেই বিৰাজমান এনে নহয়। বায়ু প্ৰদূষণৰ বিষয়ে আলোচনা কৰোতে ঘৰৰ ভিতৰৰ ভাগত হব পৰা বায়ু প্ৰদূষণৰ বিষয়টো বৰ গুৰুত্ব সহকাৰে লোৱা নহয়। কিন্তু সম্প্ৰতি ঘৰৰ ভিতৰত হোৱা বায়ু প্ৰদূষণৰ তথ্য সকলোকেই চিন্তাত পেলোৱা ধৰণৰ। 
      Vallabhbhai Patel Chest Institute (Delhi) য়ে দিল্লীত ঘৰৰ ভিতৰত হব পৰা বায়ু প্ৰদূষণৰ ওপৰত এটা পৰীক্ষা মূলক অধ্যয়ন কৰে। সেই অধ্যয়ন অনুসৰি দিল্লীৰ কিছুমান ঠাইত শতকৰা ১৪ টি শিশু Asthma ৰোগত আক্ৰান্ত, উদ্যোগিক অঞ্চলৰ শতকৰা ১১. টি আৰু জনবসতিপূৰ্ণ অঞ্চলৰ শতকৰা . টি শিশু এই ৰোগতেই আক্ৰান্ত। অধ্যয়নত শতকৰা ৪৩. টি শিশুৰ শ্বাস-প্ৰশ্বাসত সমস্যা পোৱা গৈছে। কিন্তু চহৰাঞ্চলৰ তুলনাত গ্ৰাম্যাঞ্চলত এই ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা কম। গ্ৰাম্যাঞ্চলৰ শতকৰা . টি শিশু Asthma ৰোগত আক্ৰান্ত। যিসমূহ ঘৰত অাহাৰ ৰান্ধোতে কাঠ-খৰি ব্যৱহাৰ হয়, সেই ঘৰ সমূহৰ ভিতৰৰ বায়ুমণ্ডলত Sulfur Dioxide পৰিমাণ শতাংশ অধিক। যিসমূহ ঘৰত Suspended Particulate Matter(SPM) 2.5 কণা অধিক, সেই ঘৰ সমূহৰ শিশু Asthma ৰোগত আক্ৰান্ত পোৱা গৈছে। এই অধ্যয়নৰ তথ্য মতে ঘৰৰ ভিতৰত ধূপ চাকিৰ ব্যৱহাৰে ভিতৰৰ বায়ুমণ্ডলত প্ৰদূষণৰ মাত্ৰা নিৰ্ধাৰিত মানতকৈ ১৫ শতাংশ অধিক বৃদ্ধি কৰে। Vallabhbhai Patel Chest Institute য়ে অধ্যয়নৰ লগতে এটি পৰীক্ষাও কৰে। পৰীক্ষাটোত এটা কোঠাত ধূপ, চাকি আৰু মহ মৰা ধূপৰ জ্বলাই কৰা হয়, কোঠাত এখন খিৰিকীৰ খোলা ৰখা হয় যাতে ভিতৰত ধোঁৱা জমা হৈ নাযায়। গোটেই কেইটা সামগ্ৰী জ্বলোৱাৰ আগত, জ্বলি থকা সময়ত আৰু জ্বলি শেষ হোৱাৰ পাছত কোঠাটোৰ বায়ু মানদণ্ড পৰিমাপ কৰা হয়। নিৰ্ধাৰিত মান অনুসৰি Particulate Matter(PM) 2.5 কণাৰ স্তৰ 60 micrograms হব লাগে, কিন্তু ধূপ চাকি জ্বলি থকা সময়ত ইয়াৰ স্তৰ 1879.7 micrograms হয়। একেদৰেই নিৰ্ধাৰিত মান অনুসৰি PM 10 কণাৰ স্তৰ 100 micrograms হব লাগে, কিন্তু ধূপ চাকি জ্বলি থকা সময়ত ইয়াৰ স্তৰ 1775 micrograms হয়। কোঠাটোত ধূপ, চাকি আৰু মহ মৰা ধূপ জ্বলোৱা সময়ত প্ৰদূষণৰ স্তৰ অত্যাধিক হয়
    AIIMS Centre for Medicine Community তথ্য অনুসৰি Indoor Pollution অৰ্থাৎ ঘৰৰ ভিতৰৰ প্ৰদূষণ, Outdoor Pollution অৰ্থাৎ বাহিৰৰ প্ৰদূষণতকৈ ১০ গুণবেছি বিষাক্ত। আহাৰ ৰন্ধনৰ পৰা হোৱা বায়ু প্ৰদূষণৰ ফলতেই দেশৰ ২০ বছৰ উৰ্দ্ধৰ শতকৰা ৫১ গৰাকী যুৱক যুৱতীয়েই হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হয়
   World Health Organisation তথ্য মতে আহাৰ ৰন্ধনৰ কাৰণে নিৰ্গমণ হোৱা ধোঁৱাৰ ফলত উন্নয়নশীল দেশসমূহত ১৫ লাখ লোকৰ মৃত্যু হয়, অৰ্থাৎ পাকঘৰৰ ধোঁৱাই প্ৰতি ২০ ছেকেণ্ডত এটাকৈ প্ৰাণ লৈছে
    বাহিৰৰ প্ৰদূষণৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু ঘৰৰ ভিতৰৰ প্ৰদূষণ, যি বাহিৰৰ প্ৰদূষণতকৈ বহুবেছি গুণে মাৰাত্মক আৰু আমাৰ কণ কণ শিশু বোৰ, বয়োজেষ্ঠ লোকসকলেও বেছি ভাগ সময় ঘৰৰ ভিতৰতে পাৰ কৰে। সেয়ে হে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আমি নিজে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ঘৰৰ ভিতৰৰ পৰা ধোঁৱা বাহিৰ হবৰ বাবে ভেন্টিলেছনৰ সুব্যৱস্থা কৰাৰ লগতে আৰু কিছুমান সৰু সৰু কিন্তু বৈজ্ঞানিক উপায়েৰে ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ কৰিব পৰা যায়। ১৫ ছেপ্তেম্বৰ ১৯৮৯ চনত National Aeronautics and Space Administration(NASA) আৰু Associated Landscape Contractors of America(ALCA) যুটীয়া ভাবে Interior Landscape Plants for Indoor Air Pollution Abatement শীৰ্ষক এটি ৰিপৰ্ট প্ৰকাশ কৰে। এই ৰিপৰ্টত অতি কম মূলতে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে উৎকৃষ্ট মানৰ এক সমাধান উল্লেখ কৰিছে।
Mother-in-law Tongue & Chinese Evergreen
ৰিপোৰ্টটো কেইবিধ মান গছ আৰু এইসমূহে বায়ু প্ৰদূষণ কেনেদৰে নিয়ন্ত্ৰণ কৰে সেই বিষয়ে উল্লেখ কৰিছে। ৰিপৰ্টটোতৰ মতে এই কেইবিধ গছ ঘৰৰ ভিতৰত ৰাখি আমি বায়ুত থকা বিষাক্ত গেছ নিষ্কাষণ কৰিব পাৰো। ৰিপৰ্টত উল্লেখিত গছসমূহৰ কেইবিধ মানৰ নাম হৈছে Bamboo Palm, Chinese Evergreen, English Ivy, Ficus, Gerbera Daisy, Janet Craig, Marginata, Mass Cane/ Corn Cane, Mother-in-law Tongue, Peace Lily, Pot Mum, Warneckei ইত্যাদি। গছকেইবিধ নাম অনুসৰি চিনিবলৈ অসুবিধা। কিন্তু নামবোৰ Google Search কৰিলেই অতি সহজে ধৰিব পাৰি। ভাবিলে আচৰিত লাগে আমি সাধাৰণতে অলাগতীয়াল বুলি ভৱা সৰু সৰু উদ্ভিদ বোৰৰো ইমান ডাঙৰ ডাঙৰ গুণ থাকিব পাৰে। ঘৰৰ ভিতৰত এই গছবোৰ ৰাখিলে photosynthesis প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুত থকা Carbon Dioxide গেছ শোষণ কৰি Oxygen গেছ এৰি দিয়ে। ইয়াৰ বাদেও ঘৰৰ ভিতৰৰ বায়ুমণ্ডলত থকা বিষাক্ত গেছ যেন Benzene, formaldehyde আৰু trichloroethylene নিষ্কাষণ কৰিব পাৰে
   এনে কিছুমান সৰু সৰু উপায়েৰে আমি বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰো 

Comments

Post a Comment

Popular posts from this blog

অসম বুৰঞ্জী: গোলাঘাটৰ দেওপাহাৰ আৰু ইয়াৰ ইতিহাস।।

ভাল মানুহৰ সংজ্ঞা বিচাৰি