Posts

Showing posts with the label Assamese

অসম বুৰঞ্জী: গোলাঘাটৰ দেওপাহাৰ আৰু ইয়াৰ ইতিহাস।।

Image
ভাৰতৰ আন ৰাজ্যৰ দৰাই অসমৰ বুৰঞ্জীও গভীৰ আৰু ৰহস্যময় । তথ্য-প্ৰযুক্তি আৰু যোগাযোগৰ ফালৰপৰা মূল প্ৰদেশখনৰ তুলনাত অলপ পিছ পৰা হেতুকে ভাৰতৰ আন ৰাজ্যৰ লোকে অসম আৰু অসমৰ কাষৰীয়া ৰাজ্য কেইখনৰ ইতিহাসৰ বিষয়ে বৰবেছি জ্ঞাত নহয়। অসমৰো বহু সংখ্যক লোকেই ৰাজ্য খনৰ ইতিহাসৰ বহুত কথা নজানে । কিন্তু অসম বুৰঞ্জী তৎক্ষণাত কৈ শেষ কৰিব পৰা বিধৰও নহয়। সৌভাগ্য ক্ৰমে মোৰো অসমৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰাৰ সুযোগ হৈছে আৰু মই বিদ্যালয়ত ভৰি নিদিওঁতেই দেউতাই দাদাক আনিদিয়া অকণিহঁতৰ ৰামায়ণৰ সাধু বোৰ দাদাই পঢ়ি শুনাইছিল আৰু তেতিয়াৰ পৰাই পুৰাণ- বুৰঞ্জীতে নিজক বিচাৰি পোৱা যেন অনুভৱ হয়।  বিভিন্ন পৌৰাণিক কথা আৰু বুৰঞ্জীৰ বিষয়ে অধ্যয়ন আৰু Internet ত অনুসন্ধান কৰি পোৱা কিছুমান তথ্যই মোক বাৰুকৈয়ে আচৰিত কৰি তোলে। এনে এক ৰহস্যময় ঐতিহাসিক ক্ষেত্ৰ- গোলাঘাটৰ দেও পাহাৰ। নুমলীগড় তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ হোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ডিমাপুৰ দিশে ২ কিলোমিটাৰ মান দূৰ পাথত দেও পাহাৰ পোৱা যায়। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২৫০ মিটাৰ মান উচ্চতাৰ পাহাৰ তোৰ ওপৰত ভগ্ন প্ৰায় অৱস্থাত বহুটো শিলৰ মূৰ্ত্তি সিচঁৰতি হৈ ...

          আজিৰ কানি   

মাখনে হেনু কামলৈ আহিবৰ সময়ত তাইৰ পানী-কেঁচুৱাজনীৰ জিভাত কানি এচেলেক ঘঁহি থৈ আহে। কানি চেলেকি চেলেকি কেচুঁৱাজনী কমেও এবেলা টুপনিত লালকাল দি থাকে। সেই সময় খিনিতে মাখনে আনৰ ঘৰত কাম কৰি পেটৰ ভাতমুঠি মুকুলাব পাৰে। এই খিনিতে মই 'মাখন' ক চিনাকী কৰি দিওঁ, হোমেন বৰগোহাঞিৰ বহুপঠিত উপন্যাস 'মৎস্যগন্ধা'ৰ মূল নায়িকা 'মেনকা'ই হল এই 'মাখন' । ফৰাছী বিখ্যাত লেখক 'আনাটোলে' অতি অাক্ষেপেৰে কৈছিল ইউৰোপৰ কানি কিতাপ। আনাটোলে জীৱনত অসংখ্য কিতাপ পঢ়িছিল। এনে এজন ব্যক্তিয়ে কিতাপক কানিৰ লগত তুলনা কৰাটো ভাবিব লগীয়া কথা। দৰাচলতে যিকোনো বস্তুৰে অতিমাত্ৰা ব্যৱহাৰে ঋনাত্মক ফলাফলে হে দিয়ে। বৰ্তমান অসমীয়া সাহিত্য জগতৰ পৰিচীত বক্তি হোমেন বৰগোহাঞিৰ মতে বৰ্তমানৰ কানি Television, মই ভাবো Television ৰ লগতে Smartphone ও বৰ্তমানৰ কানি। দুয়োটাৰে ধনাত্মক দিশ নথকা নহয়। কিন্তু বাস্তৱত ঋনাত্মক দিশতোহে পৰিলক্ষিত হৈছে। ইংৰাজী অভিধানত এটা শব্দই স্থান পাইছে- Couch-potato-- a person who spends a lot of time sitting and watching television. অৰ্থাৎ যিবোৰ মানুহ দিনটোৰ বেছি ভাগ সময় বহি বহি...

ভাল মানুহৰ সংজ্ঞা বিচাৰি

    স্বামী বিবেকানন্দ আৰু ৰামকৃষ্ণন পৰমহংশৰ এটি কথোপকথন পঢ়ি ভাল মানুহৰ সংজ্ঞা, মানে ভাল মানুহনো প্ৰকৃততে কোনোসকল অলপ ধৰণা কৰিব পাৰিছো। তেওঁলোকৰ কথোপকথন দৰাচলতে কথোপকথন নহয় স্বামী বিবেকানন্দই কৰা প্ৰশ্নৰ গুৰু ৰামকৃষ্ণই দিয়া উত্তৰ হে। ৰামকৃষ্ণ দেৱে দিয়া উত্তৰৰ মতে ভাল মানুহ হল সেই সকল যি সকল ভাৱনাত্মক ৰূপেৰে সংবেদনশীল(Emotionally Sensitive), যি সকলৰ নৈতিক আৰু মানৱীয় মূল্যবোধ বুজাৰ ক্ষমতা আছে আৰু যি সকলে সন্মুখৰ জনৰ অৱস্থা বা সন্মুখৰ পৰিবেশ পৰিস্থিতিলৈ লক্ষ্য ৰাখি নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা কামনা নকৰি, নৈতিকতাৰে, বিপদত পৰাজনক উদ্ধাৰ অথবা অবাঞ্ছিত পৰিস্থিতিক সাধাৰণ অৱস্থালৈ অনাৰ চেষ্টা কৰে ।      পাঠকে ভাল দৰে বুজিবৰ বাবে মই কথোপকথনৰ উল্লেখ কৰিলো। কথোপকথন মানে বিবেকানন্দই তিনিটা প্ৰশ্ন আৰু ৰামকৃষ্ণনদেৱৰ উত্তৰ।     স্বামী বিবেকানন্দ, " মই যদি ভাল মানুহ হওঁ, মোৰ লগত কেতিয়াও বেয়া ঘটনা সংঘটিত নহ'বনে?"      ৰামকৃষ্ণ, " নিশ্চয় তোমাৰ লগত বেয়া ঘটনা সংঘটিত হ'ব। সম্ভৱত ই তুমি ভৱাতকৈও বেয়া হব পাৰে। এজন ভাল মানুহ হোৱা হেতুকে তুমি ভাৱন...

----জাপান আৰু ভাৰত: প্ৰসঙ্গ বন্ধ সংস্কৃতি----

কিছুমান পৰিচিত শব্দ আজি অসম বন্ধ, আজি চকা বন্ধ, আজি আমুক খন জিলা বন্ধ, মনে 'বন্ধ'টো। আজি পৰ্যন্ত মই নুবুজিলোঁ বন্ধৰ পৰা লাভ নো হয় কি? বন্ধ বাবে চৰকাৰৰ ক্ষতি হয় বাৰু, কিন্তু বন্ধ দিওঁতা সকলকো যে পৰোক্ষভাৱে ক্ষতি কৰে সেইটোও মানিবই লাগিব।   আজি পৰা প্ৰায় ৩ বছৰ মানৰ আগেয়ে মই গল্প পঢ়িছিলো অসম বন্ধৰ ওপৰত, গল্পটোত আছিল এজন ৰিক্সাৱালা আৰু তেওঁৰ কণমনি জীয়েকৰ এক মৰ্মান্তিক কাহিনী। গল্পটোৱে মোক গভীৰ ভাৱে ৰেখাপাত কৰি গ'ল। তেতিয়াৰ পৰাই মই প্ৰতিবাদৰ নামত বন্ধ সংস্কৃতিৰ সম্পূৰ্ণ বিৰোধী।    ৬ আগষ্ট আৰু ৯ আগষ্ট ১৯৪৫ চন জাপানৰ হিৰোছিমা আৰু নাগাচাকিত আমেৰিকাই Little Boy আৰু Fat Man নাম দুটা ATOM BOOM বিস্ফোৰণ কৰিছিল। ভাৰত স্বাধীন হোৱাৰ কেৱ্ল ২ বছৰৰ পূৰ্বে এই ঘটনা সংঘটিত হৈছিল। কিন্তু আজি জাপান ক'ত আৰু ভাৰত ক' ত।     প্ৰতিবাদ আৰু বন্ধ সংস্কৃতিৰ ফাল পৰা আমি যদি জাপান আৰু ভাৰতক তুলনা কৰোঁ তেতিয়া দুইখন দেশৰ জনসাধাৰণৰ মান‌সিকতাৰ পাৰ্থক্য কিমান তাক বুজিব পাৰি।       কোনোবা কাকত নে আলোচনীত জাপানৰ প্ৰতিবাদৰ বিষয়ে পঢ়িছিলোঁ। তেওঁলোকৰ প্ৰতিবাদ সাব্য...