----জাপান আৰু ভাৰত: প্ৰসঙ্গ বন্ধ সংস্কৃতি----


কিছুমান পৰিচিত শব্দ আজি অসম বন্ধ, আজি চকা বন্ধ, আজি আমুক খন জিলা বন্ধ, মনে 'বন্ধ'টো। আজি পৰ্যন্ত মই নুবুজিলোঁ বন্ধৰ পৰা লাভ নো হয় কি? বন্ধ বাবে চৰকাৰৰ ক্ষতি হয় বাৰু, কিন্তু বন্ধ দিওঁতা সকলকো যে পৰোক্ষভাৱে ক্ষতি কৰে সেইটোও মানিবই লাগিব।
  আজি পৰা প্ৰায় ৩ বছৰ মানৰ আগেয়ে মই গল্প পঢ়িছিলো অসম বন্ধৰ ওপৰত, গল্পটোত আছিল এজন ৰিক্সাৱালা আৰু তেওঁৰ কণমনি জীয়েকৰ এক মৰ্মান্তিক কাহিনী। গল্পটোৱে মোক গভীৰ ভাৱে ৰেখাপাত কৰি গ'ল। তেতিয়াৰ পৰাই মই প্ৰতিবাদৰ নামত বন্ধ সংস্কৃতিৰ সম্পূৰ্ণ বিৰোধী।
   ৬ আগষ্ট আৰু ৯ আগষ্ট ১৯৪৫ চন জাপানৰ হিৰোছিমা আৰু নাগাচাকিত আমেৰিকাই Little Boy আৰু Fat Man নাম দুটা ATOM BOOM বিস্ফোৰণ কৰিছিল। ভাৰত স্বাধীন হোৱাৰ কেৱ্ল ২ বছৰৰ পূৰ্বে এই ঘটনা সংঘটিত হৈছিল। কিন্তু আজি জাপান ক'ত আৰু ভাৰত ক' ত।
    প্ৰতিবাদ আৰু বন্ধ সংস্কৃতিৰ ফাল পৰা আমি যদি জাপান আৰু ভাৰতক তুলনা কৰোঁ তেতিয়া দুইখন দেশৰ জনসাধাৰণৰ মান‌সিকতাৰ পাৰ্থক্য কিমান তাক বুজিব পাৰি।
      কোনোবা কাকত নে আলোচনীত জাপানৰ প্ৰতিবাদৰ বিষয়ে পঢ়িছিলোঁ। তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰ প্ৰক্ৰিয়া বৰ অভিনৱ, এটা জোতাৰ কাৰখানাৰ কৰ্মচাৰী সকলে কাৰখানাৰ মালিক পক্ষৰ লগত কিবা সংঘাত লাগি, মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিলে। এই খিনিতেই লাগিল অাচল কেনাটো, তেওঁলোকে প্ৰতিবাদ কৰিছে এযোৰ জোতাৰ সোঁফালৰ পাত নিৰ্মাণ কৰিছে, কিন্তু বাওঁফালৰ পাত নাইকৰা। এতিয়া এপাত জোতা কোনো লোকেই নিপিন্ধেও নিকিনেও। এইয়াই হ'ল জাপানৰ প্ৰতিবাদ, তেওঁলোক হেনো বন্ধ দি, কাম বন্ধ কৰি নিজৰ প্ৰতিবাদ সাব্যস্ত নৰে। সেয়ে হয়তো ইমান ডাঙৰ এক নিৰ্মম অৱস্থাৰ পৰা উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ লগতে বিশ্বৰ আন বহুতো ৰাষ্ট্ৰক অতিক্ৰম কৰিছে। ফেচবুক-whatsapp ত কিছুমান post পাওঁ যত আন দেশৰ মন্ত্ৰী-বিষয়াৰ লগত আমাৰ দেশৰ মন্ত্ৰী-বিষয়াক তুলনা কৰা দেখা পাওঁ। কিন্তু সেই দেশৰ জনসাধাৰণৰ লগত নিজকো তুলনা কৰি নিজক যেনকৈ পৰা যায় পৰিবৰ্তন কৰিলৈ চেষ্টা কৰিব লাগে। দেশৰ বুনিয়াদী উন্নয়ন, আন্তঃগাঁথনি নিৰ্মান, বিভিন্ন ধৰণৰ পৰিকল্পনাৰ বাবে কেৱল চৰকাৰ খনকে জগৰীয়া কৰি থকা উচিত নহয়। চৰকাৰে সকলোৰে ভালৰ বাবে বান্ধি দিয়া নীতি-নিয়মনো আমি কিমান মানি চলো। উদাহৰণ স্বৰূপে, দুচকীয়া যান-বাহন চলাওঁতে ভাৰতত তথ্য অনুসৰি কেৱল মাত্ৰ শতকৰা ২০% লোকেহে হেলমেট পৰিধান কৰে। সেয়ে চৰকাৰক কোৱাৰ লগতে নিজকো পৰিৱৰ্তন কৰা অতিকে জৰুৰী হৈ পৰিছে। শেষত বন্ধৰ প্ৰসঙ্গত কওঁ, বন্ধৰ বাদেও আন বহুতো কাৰ্য্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰি, যিবোৰ কাৰ্যসূচীয়ে সমাজৰ বৌদ্ধিক বিকাশ সাধন কৰে আৰু উঠি আহা যুৱ ‌প্ৰজন্মৰ কৌশলগত বিকাশ সাধন হয়।
   "বেয়াক আতৰাই ৰখা যিমানেই প্ৰয়োজনীয়, সিমানই প্ৰয়োজন ভালক আকোৱালি লোৱা।"
   

Comments

Post a Comment

Popular posts from this blog

অসম বুৰঞ্জী: গোলাঘাটৰ দেওপাহাৰ আৰু ইয়াৰ ইতিহাস।।

ভাল মানুহৰ সংজ্ঞা বিচাৰি

Air Pollution(Indoor)