ভাল মানুহৰ সংজ্ঞা বিচাৰি

    স্বামী বিবেকানন্দ আৰু ৰামকৃষ্ণন পৰমহংশৰ এটি কথোপকথন পঢ়ি ভাল মানুহৰ সংজ্ঞা, মানে ভাল মানুহনো প্ৰকৃততে কোনোসকল অলপ ধৰণা কৰিব পাৰিছো। তেওঁলোকৰ কথোপকথন দৰাচলতে কথোপকথন নহয় স্বামী বিবেকানন্দই কৰা প্ৰশ্নৰ গুৰু ৰামকৃষ্ণই দিয়া উত্তৰ হে। ৰামকৃষ্ণ দেৱে দিয়া উত্তৰৰ মতে ভাল মানুহ হল সেই সকল যি সকল ভাৱনাত্মক ৰূপেৰে সংবেদনশীল(Emotionally Sensitive), যি সকলৰ নৈতিক আৰু মানৱীয় মূল্যবোধ বুজাৰ ক্ষমতা আছে আৰু যি সকলে সন্মুখৰ জনৰ অৱস্থা বা সন্মুখৰ পৰিবেশ পৰিস্থিতিলৈ লক্ষ্য ৰাখি নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা কামনা নকৰি, নৈতিকতাৰে, বিপদত পৰাজনক উদ্ধাৰ অথবা অবাঞ্ছিত পৰিস্থিতিক সাধাৰণ অৱস্থালৈ অনাৰ চেষ্টা কৰে ।
     পাঠকে ভাল দৰে বুজিবৰ বাবে মই কথোপকথনৰ উল্লেখ কৰিলো। কথোপকথন মানে বিবেকানন্দই তিনিটা প্ৰশ্ন আৰু ৰামকৃষ্ণনদেৱৰ উত্তৰ।
    স্বামী বিবেকানন্দ, " মই যদি ভাল মানুহ হওঁ, মোৰ লগত কেতিয়াও বেয়া ঘটনা সংঘটিত নহ'বনে?"
     ৰামকৃষ্ণ, " নিশ্চয় তোমাৰ লগত বেয়া ঘটনা সংঘটিত হ'ব। সম্ভৱত ই তুমি ভৱাতকৈও বেয়া হব পাৰে। এজন ভাল মানুহ হোৱা হেতুকে তুমি ভাৱনাত্মক ৰূপেৰে সংবেদনশীল, আৰু এটা বেয়া পৰিস্থিতিত তুমি অসংবেদনশীল মানুহ এজনতকৈ অধিকাৰ দুখ অনুভৱ কৰিবা। সেয়ে তোমাৰ দুখ বেছি হ'ব। অথাৎ দুজন ব্যক্তি এজন ভাৱনাত্মক ৰূপেৰে সংবেদনশীল আৰু আন জন সংবেদনশীল নহয়, যদি দুয়োজন ব্যক্তি এটা বেয়া লাগা পৰিস্থিতিৰ সন্মুখীন হয়, তেতিয়া ভাৱনাত্মক ৰূপেৰে সংবেদনশীল ব্যক্তিজন আন জনৰ তুলনাত অধিক দুখী হব। "
      স্বামী বিবেকানন্দ," তেন্তে মই সেই পৰিস্থিতি বোৰৰ বিষয়ে চিন্তা কৰা বন্ধ কৰি দিওঁ নেকি?"
      ৰামকৃষ্ণ," নহয়, তুমি চিন্তা কৰা, যিমান পাৰে ভাল চিন্তা কৰা। যিমানই তুমি ভাল চিন্তা কৰিবা, সিমানেই ভাল তোমাৰ কৰ্ম হব। আৰু ভাল চিন্তা, ভাল কৰ্ম কৰা ব্যক্তিক আন মানুহে নিজৰ প্ৰেৰণা(Role model) হিচাপে স্বীকাৰ কৰে। এজন ব্যক্তিক তেতিয়া হে আনে নিজৰ প্ৰেৰণা স্বৰূপে লয়, যেতিয়া ব্যক্তি জনে নিঃস্বাৰ্থভাৱে আনৰ কল্যাণ আৰু সমাজ সংশোধনৰ বাবে কৰ্ম কৰে।"
      স্বামী বিবেকানন্দ," তেতিয়া মই কি কৰা উচিত যেতিয়া মোৰ নিজৰ লগত কিবা বেয়া সংঘটিত হব।"
       ৰামকৃষ্ণ," তেতিয়া সেই সময়ত পৰিস্থিতিৰ সাপেক্ষে সৃষ্ট হোৱা তোমাৰ প্ৰতিক্ৰিয়াত কৈ, অনুক্ৰিয়াত হে গুৰুত্ব দিবা।"

Comments

Popular posts from this blog

অসম বুৰঞ্জী: গোলাঘাটৰ দেওপাহাৰ আৰু ইয়াৰ ইতিহাস।।

Air Pollution(Indoor)