আজিৰ কানি   

মাখনে হেনু কামলৈ আহিবৰ সময়ত তাইৰ পানী-কেঁচুৱাজনীৰ জিভাত কানি এচেলেক ঘঁহি থৈ আহে। কানি চেলেকি চেলেকি কেচুঁৱাজনী কমেও এবেলা টুপনিত লালকাল দি থাকে। সেই সময় খিনিতে মাখনে আনৰ ঘৰত কাম কৰি পেটৰ ভাতমুঠি মুকুলাব পাৰে। এই খিনিতে মই 'মাখন' ক চিনাকী কৰি দিওঁ, হোমেন বৰগোহাঞিৰ বহুপঠিত উপন্যাস 'মৎস্যগন্ধা'ৰ মূল নায়িকা 'মেনকা'ই হল এই 'মাখন' ।
ফৰাছী বিখ্যাত লেখক 'আনাটোলে' অতি অাক্ষেপেৰে কৈছিল ইউৰোপৰ কানি কিতাপ। আনাটোলে জীৱনত অসংখ্য কিতাপ পঢ়িছিল। এনে এজন ব্যক্তিয়ে কিতাপক কানিৰ লগত তুলনা কৰাটো ভাবিব লগীয়া কথা। দৰাচলতে যিকোনো বস্তুৰে অতিমাত্ৰা ব্যৱহাৰে ঋনাত্মক ফলাফলে হে দিয়ে।
বৰ্তমান অসমীয়া সাহিত্য জগতৰ পৰিচীত বক্তি হোমেন বৰগোহাঞিৰ মতে বৰ্তমানৰ কানি Television, মই ভাবো Television ৰ লগতে Smartphone ও বৰ্তমানৰ কানি। দুয়োটাৰে ধনাত্মক দিশ নথকা নহয়। কিন্তু বাস্তৱত ঋনাত্মক দিশতোহে পৰিলক্ষিত হৈছে।
ইংৰাজী অভিধানত এটা শব্দই স্থান পাইছে- Couch-potato-- a person who spends a lot of time sitting and watching television. অৰ্থাৎ যিবোৰ মানুহ দিনটোৰ বেছি ভাগ সময় বহি বহি television চাই কটাই সেই সকল দেখিবলৈ আলুগুটিৰ দৰে হৈ পৰে। সেইবোৰ মানুহ দেখাত লোদোৰ-পোদোৰ হয়, কিন্তু প্ৰকৃততে তেওঁলোক সুস্বাস্থ্যহীন হয়। প্ৰসঙ্গক্ৰমে নিজৰ চকুৰে দেখি অহা এক অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিব খোজো, মোৰ তিনিজন বৰটা আৰু তিনিগৰাকী বৰবৌ জেষ্ঠ দুজন একেবাৰে নজিৰ নহয় যদিও, অওঁপকীয়াকৈ নিজৰ বুলিবৈ পৰি। এই কেইজনৰ ভিতৰতে মাজু অৰ্থাৎ দ্বিতীয় বৰটা আৰু বৰবৌ সৰু পৰাই দেখি আহিছো তেওঁলোকে জীৱনৰ যাপনৰ বাবে আনসকলতকৈ বহু গুণে বেছি কষ্ট কৰিব পাৰে, মোৰ মাজে সময়ে কিছুমান কাম অসাধ্য সাধন কৰা যেন লাগে। কিন্তু স্বাস্থ্যৰ ফালৰ পৰা মোৰ মা-দেউতা আৰু বাকী দুজন বৰটো আৰু দুগৰাকী বৰবৌ লগত তুলনা কৰো, তেওঁ লোক দুজন স্বাস্থ্য বহু গুণে ভাল বুলিব পাৰি, সাধাৰণ জ্বৰ-কাঁহৰ বাদে আন বেমাৰে তেওঁলোক দুজনক লগ ধৰিব পৰা নাই। সেই নিজৰ অভিজ্ঞতা আৰু বহুতো জ্ঞানীলোকৰ লেখা পঢ়ি যিমান খিনি জানিছো-বুজিছো, তাৰ পৰা কব পাৰো যে, Television বা Smartphone ত বেছি ভাগ সময় পাৰ কৰা মানুহবোৰ শাৰিৰীক পৰিশ্ৰমৰ অভাৱত সুস্বাস্থ্যহীন হৈ পৰে, তেওঁলোককে Couch-potato ৰে বৰ্ণাব লাগিব। আৰু অতি কম বয়সতে Television আৰু Smartphone ত আসক্ত ল'ৰা-ছোৱালীবোৰৰ শাৰীৰিক বিকাশ বাধা-গ্ৰস্ত হয়।
হোমেন বৰগোহাঞিৰ মতে, Television নে শৰীৰৰ যিমান ক্ষতি কৰে তাত কৈ বেছি ক্ষতি কৰে মগজুৰ(একেদৰেই Smartphone ৰ ক্ষেত্ৰতো)। চিন্তা কৰাটো হল মগজুৰ প্ৰধান ব্যয়াম। Television চাই থাকোতে বা Smartphone ত Facebook-Whatsapp কৰি থাকোতে কোনো চিন্তা কৰাৰ প্ৰয়োজন নহয়।
জ্ঞানীলোক সকলে কবলৈ আৰম্ভ কৰিছে যে যি সকললোকে Television-Smartphone চিন্তা আৰু অধ্যয়নত বেছি ভাগ সময় খৰচ কৰে তেওঁলোক ভৱিষ্যতৰ পৃথিৱীখন শাসন কৰিব। অনবৰতে Television-Smartphone চাই চাই নিজৰ মন আৰু শৰীৰক ধ্বংস কৰা সকলে সেইখন পৃথিৱীৰ দাস।
মূল গ্ৰন্থ: সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঞি।

Comments

Popular posts from this blog

অসম বুৰঞ্জী: গোলাঘাটৰ দেওপাহাৰ আৰু ইয়াৰ ইতিহাস।।

ভাল মানুহৰ সংজ্ঞা বিচাৰি

Air Pollution(Indoor)