আজিৰ কানি
মাখনে হেনু কামলৈ আহিবৰ সময়ত তাইৰ পানী-কেঁচুৱাজনীৰ জিভাত কানি এচেলেক ঘঁহি থৈ আহে। কানি চেলেকি চেলেকি কেচুঁৱাজনী কমেও এবেলা টুপনিত লালকাল দি থাকে। সেই সময় খিনিতে মাখনে আনৰ ঘৰত কাম কৰি পেটৰ ভাতমুঠি মুকুলাব পাৰে। এই খিনিতে মই 'মাখন' ক চিনাকী কৰি দিওঁ, হোমেন বৰগোহাঞিৰ বহুপঠিত উপন্যাস 'মৎস্যগন্ধা'ৰ মূল নায়িকা 'মেনকা'ই হল এই 'মাখন' । ফৰাছী বিখ্যাত লেখক 'আনাটোলে' অতি অাক্ষেপেৰে কৈছিল ইউৰোপৰ কানি কিতাপ। আনাটোলে জীৱনত অসংখ্য কিতাপ পঢ়িছিল। এনে এজন ব্যক্তিয়ে কিতাপক কানিৰ লগত তুলনা কৰাটো ভাবিব লগীয়া কথা। দৰাচলতে যিকোনো বস্তুৰে অতিমাত্ৰা ব্যৱহাৰে ঋনাত্মক ফলাফলে হে দিয়ে। বৰ্তমান অসমীয়া সাহিত্য জগতৰ পৰিচীত বক্তি হোমেন বৰগোহাঞিৰ মতে বৰ্তমানৰ কানি Television, মই ভাবো Television ৰ লগতে Smartphone ও বৰ্তমানৰ কানি। দুয়োটাৰে ধনাত্মক দিশ নথকা নহয়। কিন্তু বাস্তৱত ঋনাত্মক দিশতোহে পৰিলক্ষিত হৈছে। ইংৰাজী অভিধানত এটা শব্দই স্থান পাইছে- Couch-potato-- a person who spends a lot of time sitting and watching television. অৰ্থাৎ যিবোৰ মানুহ দিনটোৰ বেছি ভাগ সময় বহি বহি...