অসম বুৰঞ্জী: গোলাঘাটৰ দেওপাহাৰ আৰু ইয়াৰ ইতিহাস।।

ভাৰতৰ আন ৰাজ্যৰ দৰাই অসমৰ বুৰঞ্জীও গভীৰ আৰু ৰহস্যময় । তথ্য-প্ৰযুক্তি আৰু যোগাযোগৰ ফালৰপৰা মূল প্ৰদেশখনৰ তুলনাত অলপ পিছ পৰা হেতুকে ভাৰতৰ আন ৰাজ্যৰ লোকে অসম আৰু অসমৰ কাষৰীয়া ৰাজ্য কেইখনৰ ইতিহাসৰ বিষয়ে বৰবেছি জ্ঞাত নহয়। অসমৰো বহু সংখ্যক লোকেই ৰাজ্য খনৰ ইতিহাসৰ বহুত কথা নজানে । কিন্তু অসম বুৰঞ্জী তৎক্ষণাত কৈ শেষ কৰিব পৰা বিধৰও নহয়। সৌভাগ্য ক্ৰমে মোৰো অসমৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰাৰ সুযোগ হৈছে আৰু মই বিদ্যালয়ত ভৰি নিদিওঁতেই দেউতাই দাদাক আনিদিয়া অকণিহঁতৰ ৰামায়ণৰ সাধু বোৰ দাদাই পঢ়ি শুনাইছিল আৰু তেতিয়াৰ পৰাই পুৰাণ- বুৰঞ্জীতে নিজক বিচাৰি পোৱা যেন অনুভৱ হয়।
 বিভিন্ন পৌৰাণিক কথা আৰু বুৰঞ্জীৰ বিষয়ে অধ্যয়ন আৰু Internet ত অনুসন্ধান কৰি পোৱা কিছুমান তথ্যই মোক বাৰুকৈয়ে আচৰিত কৰি তোলে। এনে এক ৰহস্যময় ঐতিহাসিক ক্ষেত্ৰ- গোলাঘাটৰ দেও পাহাৰ। নুমলীগড় তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ হোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ডিমাপুৰ দিশে ২ কিলোমিটাৰ মান দূৰ পাথত দেও পাহাৰ পোৱা যায়। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২৫০ মিটাৰ মান উচ্চতাৰ পাহাৰ তোৰ ওপৰত ভগ্ন প্ৰায় অৱস্থাত বহুটো শিলৰ মূৰ্ত্তি সিচঁৰতি হৈ আছে, শিলা ভাস্কৰ্য্যৰ এক অনুপম ভাণ্ডাৰ বুলি কলেও কিজানি মিছা কোৱা নহব। কেইবা শ শিলৰ মূৰ্ত্তি সমৃদ্ধ দেওপাহাৰৰ শিলা ভাস্কৰ্য্য সমূহ অতি প্ৰাচীন, প্ৰত্নতাত্ত্বিক বিভাগে এই সমূহ নৱম-দশম শতিকাৰ বুলি ঠাৱৰ কৰিছে। পৌৰাণিক কথা মতে মগধ সাম্ৰাজ্যত শাসন কৰা নন্দ বংশৰ পূৰ্বৰ বংশ,  ব্ৰিহদ্ৰথ বংশৰ ৰজা "জৰাসন্ধ"ৰ(হয়, মহাভাৰতত ভীমে মাজে মাজে দুফালে কৰি বধ কৰা জৰাসন্ধ)ৰাজত্ব কালৰ অংশ দেও পাহাৰৰ শিলা ভাস্কৰ্য্যও। ভাবিলে এনে লাগে যেন মহাভাৰতৰ এক অংশ আমাৰ লগতে আছে। মই পিছে তাৰ শিলৰ সৰু টুকুৰা এটা মহাভাৰতৰ চিহ্নৰ হিচাপে সংগ্ৰহ কৰি থৈছো। মহাভাৰতৰ লগত অৱশ্যে অসমৰ গভীৰ সম্পৰ্ক আছে। আন হাতে পাহাৰ তোৰ নাম দেও পাহাৰ হোৱাৰ আঁৰত আচৰিত কাহিনী প্ৰচলিত হৈ আহিছে, জনশ্ৰুতি মতে ল'ৰা ৰজাৰ অত্যাচাৰ পৰা নিজকে বচাই পলাই থকা গদাপাণি অৰ্থাৎ আহোম স্বৰ্গদেউ গদাধৰ সিংহই এই পাহাৰ টোত লুকাই আছিল আৰু তেতিয়াই পাহাৰটোত অপৰূপা, সুগঢ়ী, অপেশ্বৰীৰ নৃত্য দৰ্শন কৰে, অপেস্বৰীয়ে হেনো নাঁচি নাঁচি শূন্যত নোহোৱা হৈ যায়, সেয়ে গদাপাণিয়ে পাহাৰটোক দেও পাহাৰ বুলিছিল আৰু সেই বাবেই পাহাৰতোৰ নাম দেও পাহাৰ।
বৰ্তমান পৰ্যটকৰ সিচঁৰতি হৈ থকা মূৰ্তি বোৰ সজাই ৰখা হৈছে আৰু ওপৰলৈ যাবলৈ খট-খটিৰ ব্যৱস্থা আছে। ইয়াত পোৱা মূৰ্তি বোৰৰ ভিতৰত শিৱ-বিষ্ণু, জতায়ু পক্ষীৰ যুদ্ধ, বকাসুৰ বধ, সমুদ্ৰ মন্থন, দহি মন্থন, মদন কামদেৱ মূৰ্তি আৰু বেলগ বহুতো পৌৰাণিক কথাৰ লগত সংগতি থকা মূৰ্তি আছে। বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে যে ইয়াৰ শিলা ভাস্কৰ্য্য তেজপুৰৰ বামুণী পাহাৰৰ মূৰ্তি বোৰৰ শিল্প কৰ্মৰ লগত মিলি আছে।
বোধ কৰোঁ দেও পাহাৰত অতীজতে ডাঙৰ মন্দিৰ আছিল। কিয়নো ইয়াৰ শিৱ লিংগতো বৰ্তমান পাহাৰ কাষৰে নামনিত মন্দিৰ পাতি তাত প্ৰতিষ্ঠা কৰা হয়, সেই মন্দিৰভাগৰ নামই "বাবাথান"।












Comments

  1. বহুতো নজনা কথা জানিলো। ভাল লাগিল পঢ়ি।

    ReplyDelete
  2. Hosake val lagil. Tumi karubar babe inspiration hoba para.

    ReplyDelete
  3. ইন্দ্ৰ মোহন হাজৰিকা17 May 2022 at 17:43

    লিখনিটো পঢ়ি দেও পাহাৰৰ নজনা ইতিহাস সম্পৰ্কে জ্ঞাত হ'লো, আৰু অধিক তথ্য পাম বুলি আশা কৰিলোঁ

    ReplyDelete

Post a Comment

Popular posts from this blog

ভাল মানুহৰ সংজ্ঞা বিচাৰি

Air Pollution(Indoor)